October 2, 2024 3:25 PM | Jaysankar | USA Visit

printer

ৱাশ্বিংটনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এন্টনি ব্লিংকেনৰ সৈতে বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে যোৱা নিশা ৱাশ্বিংটনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এন্টনি ব্লিংকেনৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। নেতা দুগৰাকীয়ে কোৱাড বৈঠক আৰু আমেৰিকাৰ ডেলাৱেৰত শেহতীয়াকৈ অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকৰ পৰৱৰ্তী পৰ্যায়ৰ বিষয়সমূহ আলোচনা কৰে। তেওঁলোকৰ এই আলোচনাত দ্বিপাক্ষিক সহযোগিতা, পশ্চিম এছিয়াৰ পৰিস্থিতি, ভাৰতীয় উপ-মহাদেশৰ শেহতীয়া ঘটনাৱলী, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল আৰু ইউক্রেইনকে ধৰি বিভিন্ন প্ৰসংগই স্থান লাভ কৰে।