♦ কেৰালাৰ ৱাইনাডত সংঘটিত ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই ৩০০ৰ ঘৰ অতিক্ৰম কৰিছে ৷ শেহতীয়া তথ্য অনুসৰি এই শোকাবহ দুৰ্ঘটনাত এতিয়ালৈ ৩০৮ জন লোকে প্ৰাণ হেৰুৱাইছে। জিলাখনত স্থাপন কৰা ৯১ টা সাহায্য শিবিৰত ৭ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৱাইনাডত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। সেনা জোৱান, আৰক্ষী আৰু উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত অঞ্চসমূহ পর্যবেক্ষণ কৰি আছে। সেনাবাহিনীয়ে প্ৰকাশ কৰা মতে ৰাজ্যখনৰ পাড়াৱেট্টিকুন্নু এলেকাত এগৰাকী মহিলাকে ধৰি চাৰিজন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে। ভাৰতীয় বায়ুসেনা আই আই এফে ৱাইনাড আৰু উত্তৰাখণ্ডৰ মানৱ সাহায্য তথা দুর্যোগ সাহায্য অভিযান হাতত লৈছে। আই এ এফ চিনো আৰু এম আই-১৭ ভি-৫ নামৰ হেলিকপটাৰ দুখন সহায়ৰ বাবে সক্রিয়ভাৱে সাজু কৰি ৰখা হৈছে।
Assamese | August 2, 2024 4:44 PM | Kerala | kerala accident death | Kerala Landslide update
ৱাইনাডৰ ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই ৩০০ৰ ঘৰ অতিক্ৰম কৰিছে