ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিদেশ মন্ত্ৰ্যালয়ৰ সহযোগত কাইলৈৰ পৰা ছদিনীয়াকৈ নতুন দিল্লীত ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কাৰ্যবাহী সামৰ্থ বিকাশ কাৰ্যসূচীৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই কাৰ্যসূচীৰ জৰিয়তে মানৱ অধিকাৰৰ বিভিন্ন দিশ তথা আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ বিষয়ে জনোৱাৰ লগতে আয়োগৰ অভিজ্ঞতাৰ জৰিয়তে গ্লোবেল ছাউথ অর্থাৎ অর্থনৈতিকভাৱে পিছপৰা দেশসমূহৰ বিভিন্ন মানৱ অধিকাৰ প্ৰতিষ্ঠানৰ অংশগ্ৰহণকাৰীসকলৰ মাজত সজাগতা বৃদ্ধি কৰিব বিচৰা হৈছে বুলি উল্লেখ কৰিছে। এই কাৰ্যসূচীয়ে মানৱ অধিকাৰক সন্মান, সুৰক্ষিত আৰু উদযাপন কৰা এখন পৃথিৱী গঢ়াৰ বাবে আয়োগৰ প্ৰতিশ্ৰুতিবদ্ধতাকে সূচাই বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।
Assamese | September 21, 2025 8:01 PM | National Human Rights Commission
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাইলৈৰ পৰা ছদিনীয়াকৈ নতুন দিল্লীত ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কাৰ্যবাহী সামৰ্থ বিকাশ কাৰ্যসূচীৰ আয়োজন