আহমেদাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় মল্লযুঁজ প্রতিযোগিতাত পেৰিছ অলিম্পিকৰ পদক বিজেতা অমন শ্বেৰাৱত আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজেতা অন্তিম পোংঘালে সোণৰ পদক অৰ্জন কৰিছে। ২০২৪ৰ পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজেতা অমণ শ্বেৰাৱতে ফ্রী ষ্টাইল শিতানত নিজৰ ৫৭ কিলোগ্রাম ওজনৰ সলনি ৬১ কিলোগ্রাম ওজন শাখাত প্রতিদ্বন্দ্বিতা কৰি ফাইনেলত নিখিলক ১০-০ ফলাফলত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। আনহাতে, অন্তিম পোংঘালেও ৫৩ কিলোগ্ৰামৰ সলনি ৫৫ কিলোগ্রাম ওজন শাখাত প্ৰতিদ্বন্দ্বিতা কৰি সোণৰ পদক অৰ্জন কৰে। প্রতিযোগিতাৰ আজি অন্তিম দিনা গ্রেচো ৰোমান শিতানৰ খেলসমূহ অনুস্থিত হ’ব।
Assamese | December 14, 2025 12:26 PM | wrestling
ৰাষ্ট্ৰীয় মল্লযুঁজ প্রতিযোগিতাত অমন শ্বেৰাৱত আৰু অন্তিম পোংঘালৰ সোণৰ পদক অৰ্জন