July 23, 2025 12:54 PM | sickle cell disease

printer

ৰাষ্ট্ৰীয় ছিকল চেল অভিযানৰ অধীনত মুঠ ৬ কোটি লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন

ৰাষ্ট্ৰীয় ছিকল চেল অভিযানৰ অধীনত মুঠ ৬ কোটি লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। ইয়াৰে ২ লাখ ১৫ হাজাৰ লোকৰ মাজত ৰোগবিধ ধৰা পৰাৰ উপৰি ১৬ লাখতকৈও অধিক লোকক এই ৰোগৰ বাহক হিচাপে চিনাক্ত কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে মধ্য প্রদেশ, গুজৰাট, ৰাজস্থান, তেলেংগানা, কৰ্ণাটক আৰু উত্তৰাখণ্ডত নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক পৰীক্ষা সম্পন্ন হৈছে। ওড়িশা, চত্তিশগড়, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটত সৰ্বাধিক ৰোগীক চিনাক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ছিকল চেল ৰক্তহীনতা নির্মূলকৰণ অভিযান ২০২৩ চনত মুকলি কৰিছিল। এই অভিযানৰ জৰিয়তে ২০৪৭ চনৰ ভিতৰত দেশৰ পৰা ছিকল চেল ৰক্তহীনতা সম্পূৰ্ণ নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। জনজাতীয় অঞ্চলকে ধৰি সমগ্ৰ দেশৰ জন্মৰ পৰা ৪০ বছৰ বয়সৰ ৭ কোটি লোকক এই অভিযানৰ জৰিয়তে পৰীক্ষা কৰাৰ লক্ষ্য লোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।