কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৩৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ ৰাষ্ট্ৰীয় অপৰিহাৰ্য খনিজ পদার্থ অভিযানত অনুমোদন জনাইছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত এই বিষয়ে প্ৰকাশ কৰি কয়, যে দেশত সেউজ প্রযুক্তি, অধিক ব্যৱহাৰৰ বাবে অতি আৱশ্যকীয় এই খনিজ সম্পদসমূহক অবিৰতভাৱে ব্যৱহাৰ কৰাৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছে। তেঁও কয়, যে বিকল্প উৎসৰ পৰা শক্তি উৎপাদন, কৃষি, ইলেকট্রনিক্স, দূৰসংযোগ, পৰিবহন, বিমান আৰু মহাকাশ প্রযুক্তি, পাৰমানবিক শক্তি খণ্ড আৰু প্ৰতিৰক্ষা খণ্ডকে ধৰি বিভিন্ন খণ্ডৰ প্ৰগতিৰ বাবে এই অত্যাৱশ্যকীয় খনিজৰ সুব্যৱহাৰ অতিশয় প্রয়োজনীয়। দেশত এনে অত্যাৱশ্যকীয় খনিজ পদাৰ্থৰ অন্বেষণ আৰু আহৰণৰ জৰিয়তে এইসমূহ দেশীয়ভাৱে উৎপাদন কৰি দেশৰ আমদানি হ্ৰাস কৰাটোৱে এই অভিযানৰ মূল লক্ষ্য বুলি শ্রীবৈষ্ণৱে উল্লেখ কৰে।
Assamese | January 29, 2025 7:48 PM | Cabinet Decision
ৰাষ্ট্ৰীয় অপৰিহাৰ্য খনিজ পদার্থ অভিযানত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন