স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুপ্রিয়া পেটেলে কয় যে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰা এইচ আই ভি আৰু এইডছ মুক্ত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ভাৰতৰ দায়বদ্ধতা দোহাৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিবেশনত অনুষ্ঠিত এখন সভাত তেওঁ এই শিতানত বিশ্বৰ ৭০ শতাংশতকৈ অধিক ঔষধ যোগান ধৰা এন্টি-ৰেট্ৰ’ভাইৰেল ঔষধৰ বিশ্বৰ সৰ্ববৃহৎ যোগানকাৰী হিচাপে ভাৰতৰ ভূমিকাক আলোকপাত কৰে। শ্রীমতী পেটেলে কয় যে দেশত বছৰি ৩ কোটিতকৈ অধিক বিনামূলীয়া এইচ আই ভি পৰীক্ষা চলি থকা সকলো গৰ্ভৱতী মহিলাৰ বাবে বিস্তৃত এইচ আই ভি আৰু চিফিলিছ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে আৰু ১৭ লাখতকৈ অধিক লোকে ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থাৰ জৰিয়তে বিনামূলীয়াকৈ এণ্টি-ৰেট্ৰ’ভাইৰেল থেৰাপী লাভ কৰিছে। তেওঁ লগতে কয় যে ২০১০ চনৰ পৰা বার্ষিক নতুন এইচ আই ভি সংক্রমণ ৪৪ শতাংশ হ্রাস পাইছে, যিয়ে বিশ্বজুৰি ৩৯ শতাংশ হ্ৰাসৰ হাৰক অতিক্ৰম কৰিছে।
Assamese | September 25, 2024 6:41 PM | Anupriya Patel
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিবেশনত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলৰ অংশগ্ৰহণ