May 29, 2024 6:12 PM | Dr. S Jaishankar

printer

ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শান্তিৰক্ষক দিৱস উপলক্ষে মন্ত্ৰী ড০ এছ জয়শংকৰৰ শুভেচ্ছা জ্ঞাপন

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শান্তিৰক্ষক দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে ড০ জয়শংকৰে সংঘাতৰ ফলত ক্ষতিগ্রস্ত অঞ্চলত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে জীৱন উৎসৰ্গা কৰা বীৰসকলৰ বীৰত্বক প্রণাম জনাইছে। তেওঁ লগতে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ ক্ষেত্ৰত আগভাগ লোৱা ব্যক্তিসকলৰ সৰ্বোচ্চ ত্যাগক স্মৰণ কৰি তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।