ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু ত্রিদেশীয় ভ্রমণসূচীৰ দ্বিতীয় পৰ্যায়ত ম’ৰিটানিয়াত উপস্থিত হৈছে । ইয়াৰ পূৰ্বে আলজেৰিয়া ভ্ৰমণ সামৰি মৰিটনিয়ালৈ বুলি ৰাওনা হোৱাৰ পৰত দেশখনৰ প্ৰধানমন্ত্ৰী নাদিৰ লাবোয় আৰু অন্য উচ্চ বিষয়াসকলে ৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে বিদায় জনায়। শ্রীমতী মুর্মুৱে দিনজোৰা ম’ৰিটানিয়া ভ্ৰমণৰ সময়ত কেইবাটাও অনুষ্ঠানত অংশগ্রহণ কৰিব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে ম’ৰিটানিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ আউল্ড গজৌৱানী আৰু অন্য নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ ল’ব। তেওঁ লগতে দেশখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰিব। আনহাতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু ত্রিদেশীয় ভ্রমণসূচীৰ তৃতীয় পৰ্যায়ত কাইলৈ মলাৱিত উপস্থিত হ’ব। আফ্ৰিকাৰ বিভিন্ন দেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ সম্প্ৰসাৰণ আৰু সুদৃঢ়কৰণেই হ’ল তেওঁৰ এই যাত্ৰাৰ মূল উদ্দেশ্য।
Assamese | October 16, 2024 8:42 PM | President Droupadi Murmu Mauritania Visit
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু ত্রিদেশীয় ভ্রমণসূচীৰ দ্বিতীয় পৰ্যায়ত ম’ৰিটানিয়াত উপস্থিত