June 20, 2025 11:06 AM | Prez Deradun Visit

printer

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে কালি ডেৰাডুনত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে কালি ডেৰাডুনত উপস্থিত হৈছে। জলীগ্ৰাণ্ট বিমান বন্দৰত কালি ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল গুৰমীত সিং, মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামী আৰু অন্যান্য প্রতিনিধিসকলে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। শ্ৰীমতী মুর্মূৱে আজি ৰাষ্ট্ৰপতি নিকেতনত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি নিকেতন আৰু ৰাষ্ট্ৰপতি তপোবন অহা ২৪ জুনৰ পৰা সাধাৰণ জনতাৰ দৰ্শনৰ বাবে মুকলি ৰখা হ’ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ডেৰাডুনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।