ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজিৰে পৰা দুদিনীয়া ৰোমানিয়া ভ্ৰমণসূচী

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজিৰে পৰা দুদিনীয়াকৈ ৰোমানিয়া ভ্ৰমণ কৰিব। এই ভ্রমণকালত ৰাষ্ট্ৰপতিয়ে ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিকুছৰ ডেন, অন্তবর্তী প্রধানমন্ত্রী ইলী ব’ল’জেন, ৰোমানিয়া ছিনেটৰ অধ্যক্ষ মির্চিয়া আব্রুডিয়ান আৰু চেম্বাৰ অৱ ডেপুটিছৰ অধ্যক্ষ ছৰিন গ্রীনডিয়ান’ক সাক্ষাৎ কৰিব। তেওঁ লগতে ভাৰত-ৰোমানিয়া সংসদীয় মৈত্রীগোটৰ সদস্যসকলকো সাক্ষাৎ কৰাৰ কথা।

 ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পাছত ভাৰত-ৰোমানিয়া ব্যৱসায়িক মঞ্চত ভাষণ দিব আৰু ৰোমানিয়াত থকা ভাৰতীয় লোকসকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে যোৱা ১৯ জুলাইৰ পৰা ত্রিদেশীয় ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি মুর্মুৱেব মালড’ভা, উত্তৰ মেচিড’নিয়া ভ্ৰমণ কৰাৰ পাছত আজি ৰোমানিয়া ভ্ৰমণ কৰিব।

বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰপতিগৰাকীৰ এই দেশ তিনিখন ভ্রমণে ভাৰতৰ সৈতে তিনিওখন ৰাষ্ট্ৰৰ পাৰস্পৰিক বিনিময় শক্তিশালী কৰি তুলিব।