ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু কাইলৈ চাৰিদিনীয়া কেৰালা ভ্রমণসূচীৰ থিৰুবনন্তপুৰমত উপস্থিত হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে অহা বুধবাৰে চবৰিমালা মন্দিৰ দৰ্শন কৰিব। শ্রীমতী মুর্মুৱে অহা বৃহস্পতিবাৰে থিৰুৱনন্তপুৰমৰ ৰাজভৱনত প্রাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ প্ৰতিমূর্তি উন্মোচন কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে শ্রীনাৰায়ণা গুৰু সমাধিৰ শতবার্ষিকী উদযাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। শ্রীমতী মুর্মুৱে এৰনাকুলামৰ ছেইন্ট তেৰাছাৰ মহাবিদ্যালয় আৰু পালাৰ ছেইন্ট থমাছ মহাবিদ্যালয়ৰ অনুষ্ঠানতো অংশগ্রহণ কৰিব।
Assamese | October 20, 2025 7:47 PM | President Droupadi Murmu
ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু কাইলৈ পৰা চাৰিদিনীয়া কেৰালা ভ্রমণসূচী