অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে আজি ছটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলৰ ৰাজ্যিক নিৰ্বাচন সমিতিৰ সিদ্ধান্ত অনুসৰি এই প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰা হৈছে। আজি ঘোষণা কৰা তালিকা অনুসৰি সুচিত্ৰা নাথ, ভৈৰৱ কছাৰী, প্রেমাজলি ৰাভা, মেঘালী ৰাভা, অজিত ৰাভা আৰু কমলেশ্বৰ ৰাভাক দলে প্রার্থীত্ব প্ৰদান কৰিছে।
Assamese | March 14, 2025 8:08 PM | Rabha Hasong Election
ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপিৰ ছটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা