July 14, 2026 7:37 PM | CM cabinet meeting

printer

ৰাজ্য চৰকাৰৰ ১৪টা নতুন চক্র বিষয়াৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত বিধানসভা সমষ্টিৰ সৈতে ৰাজহ চক্ৰৰ সীমাৰ পুনর্বিন্যাসৰ উদ্দেশ্যে ৰাজ্যজোৰা অভিযান আৰম্ভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে ৰাজহ প্ৰশাসন আৰু ৰাজহ সেৱা প্ৰদান ব্যৱস্থা উন্নয়নৰ বাবে ১৪টা নতুন চক্ৰ বিষয়াৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মধ্য গুৱাহাটী, পাকাবেতবাৰী, চেঙা, সৃজনগ্রাম, বীৰছিং জাৰুৱা, খোৱাং জলেশ্বৰ, নাওবৈচা, ডিগবৈ, মাকুম, বৰখলা, ধলাই, ৰঙাপাৰা আৰু বিহালীত নতুনকৈ ৰাজহ চক্ৰকেইটা গঠন কৰা বুলি তেওঁ ঘোষণা কৰে। ড০ শৰ্মাই কয়, যে বিধানসভাৰ সৈতে ৰাজহ চক্ৰ সীমা সংলগ্ন কৰা, বৰ্তমানত চক্র বিষয়াসকলৰ কাম বোজা লাঘৱ কৰা আৰু অত্যাশ্যকীয় ৰাজহ সেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। তেওঁ কয়, যে প্রশাসনিক দক্ষতা আৰু ৰাইজৰ সুবিধার্থে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

ড০ শৰ্মাই বৰ্তমানৰ কোনো ৰাজহ চক্ৰ প্ৰত্যাহাৰ কৰা নহয় বুলি সদনক স্পষ্ট কৰি দিয়ে ।