October 16, 2024 7:56 PM | Assambly Bye Election

printer

ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচন উপলক্ষে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

 ৰাজ্যৰ ৫ টা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমষ্টিকেইটাত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ধলাই, চিদলী, বঙাইগাওঁ, বিহালী আৰু চামগুৰি সমষ্টিৰ বাবে ১৩ নৱেম্বৰত উপ নির্বাচন অনুষ্ঠিত হ’ব। সকলো ৰাজনৈতিক দলে নিজ নিজ দলৰ হৈ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাই এখন সংবাদমেলৰ আয়োজন কৰি ৰাজ্য জটিল বিত্তীয় সংকটৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰি আসন্ন উপ নির্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত এখন কল্যাণকামী চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ ৰাইজক আহ্বান জনাইছে।

বঙাইগাও জিলাৰ আয়ুক্তই আজি তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত উপ নির্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলবোৰৰ প্ৰতিনিধি আৰু সাংবাদিকৰ সৈতে এখন সভা অনুষ্ঠিত কৰি নিৰ্বাচনী বিধি আৰু মনোনয়নপত্ৰ দাখিলৰ নীতি নিয়মসমূহৰ বিষয়ে অৱগত কৰে। উপ নির্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাসমূহত যাতে নীতি নিয়ম তথা নিৰ্বাচনী বিধিৰ মাজেৰে নিৰ্বাচন সুকলমে পাৰ হয় তাৰ বাবে প্ৰশাসনে প্রচেষ্টা চলাইছে।