কৰিমগঞ্জকে ধৰি ৰাজ্যৰ ৩ খন জিলাত ঔদ্যোগিক উদ্যান নিৰ্মাণৰ প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। কৰিমগঞ্জত পাথাৰকান্দি অঞ্চলত এখন উদ্যান গঢ়ি তোলা হ’ব। পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে এই সন্দৰ্ভত চৰকাৰৰ পদক্ষেপৰ শলাগ লৈ কয় যে, এই প্ৰকল্পৰ ফলত অঞ্চলটোত ৫ ৰ পৰা ৭ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিব। উদ্যানখনে অঞ্চলটোৰ অৰ্থনীতিৰ ব্যাপক পৰিৱৰ্তন ঘটাব বুলি বিধায়কজনে মন্তব্য কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৱৰ মুঠ ১২ টা স্থানত ঔদ্যোগিক উদ্যান প্ৰকল্পৰ অনুমোদন জনাইছে।
Assamese | July 21, 2024 7:06 PM | Karimganj
ৰাজ্যৰ ৩ খন জিলাত ঔদ্যোগিক উদ্যান নিৰ্মাণৰ প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন