June 17, 2026 10:41 PM | school assam

printer

ৰাজ্যৰ ৩৯,৪১৫ খন বিদ্যালয়লৈ ২০২৬-২৭ বৰ্ষৰ বাবে প্ৰথম পৰ্যায়ত বার্ষিক অনুদানৰ ১০ শতাংশ ধন মুকলি

সমগ্র শিক্ষা অসমে ২০২৬-২৭ বৰ্ষৰ বাবে ৰাজ্যৰ ৩৯ হাজাৰ ৪১৫ খন বিদ্যালয়লৈ প্ৰথম পৰ্যায়ত বার্ষিক অনুদানৰ ১০ শতাংশ ধন মোকলাই দিছে। এই সন্দৰ্ভত কার্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে জিলাসমূহৰ মিছন সমন্বয়কলৈ প্ৰেৰণ কৰা পত্ৰত এই ধনেৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিদ্যুৎ মাচুল পৰিশোধ কৰাক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে।

 তদুপৰি অনুদানৰ ধন স্বচ্ছতাৰ কাৰ্যসূচীৰ শিতানত খৰচ কৰাতো বাধ্যতামূলক বুলি উল্লেখ কৰা হৈছে। পত্ৰখনত স্বচ্ছতা পৰিকল্পনা আৰু নিৰ্দেশনা অনুসৰি বিদ্যালয়সমূহক অহা ২৫ জুনৰ ভিতৰত এই ধন ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে ।