July 21, 2026 1:20 PM | ranoj pegu school

printer

ৰাজ্যৰ ১৩৪খন প্রাদেশীকৃত মহাবিদ্যালয়ৰ ২,৯৮১টা পদৰ স্থায়ীকৰণ

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যৰ মুঠ ১৩৪খন প্রাদেশীকৃত মহাবিদ্যালয়ৰ সৰ্বমুঠ ২,৯৮১ টা পদ স্থায়ীভাৱে সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰিছে। স্থায়ী কৰা এই পদসমূহৰ ভিতৰত ১,৬৯৬ টা শিক্ষক পদ হোৱাৰ বিপৰীতে ১,২২৫টা অন্যান্য অশৈক্ষিক পদ আছে।

অসম ভেন্সাৰ শিক্ষানুষ্ঠান সেৱা প্ৰাদেশিকীকৰণ আইন, ২০১১ৰ অধীনত পদ স্থায়ীকৰণৰ এই অধিসূচনা ৰাজ্য চৰকাৰে জাৰি কৰিছে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰি কয়, যে এই সিদ্ধান্তই অসমৰ উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক দীর্ঘম্যাদী প্রতিষ্ঠানিক স্থিতিশীলতা প্রদান কৰাৰ লগতে শিক্ষাগত আৰু প্ৰশাসনিক সামৰ্থকো সুৰক্ষিত কৰিব।

ইয়াৰ জৰিয়তে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা পুনৰ প্ৰতিফলিত হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।