ৰাজ্যৰ ১২খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ

চলিত বৰ্ষত এই পর্যন্ত অসমৰ ১২ খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰ ৰোগ ধৰা পৰিছে বুলি পশু পালন আৰু পশু চিকিৎসা মন্ত্রী নীলিমা দেৱীয়ে সদনত প্ৰকাশ কৰে। তেওঁ কয় যে তিনিচুকীয়া, কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, লখিমপুৰ, নগাঁও, গোলাঘাট, চৰাইদেউ,, ‘কামৰূপ (মেট্রো), ধেমাজি, শোণিতপুৰ, মাজুলি আৰু কোকৰাঝাৰ জিলাত গাহৰিৰ ৰোগ ধৰা পৰিছে। 

এই ৰোগত বৰ্তমানলৈ ৪১৮ টা গাহৰি মৃত্যুমুখত পৰিছে আৰু ৯৬৩ টা গাহৰি নিধন কৰা হৈছে বুলি তেওঁ কয়। চৰকাৰী পশু চিকিৎসালয় আৰু প্ৰাথমিক পশু স্বাস্থ্য কেন্দ্ৰসমূহৰ উপৰি ভ্ৰাম্যমান পশুচিকিৎসা গোটৰ যোগেদি বিনামূলীয়াকৈ এই ৰোগত আক্ৰান্ত গাহৰিৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ কয়। 

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে গাহৰিৰ CSF ৰোগ প্ৰতিৰোধৰ বাবে বিনামূলীয়া টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে । পামসমূহ বিজাণুমুক্ত কৰাৰ বাবে বিজাণুনাশকৰো যোগান ধৰা হৈছে তেওঁ সদনত প্ৰকাশ কৰে। গাহৰি পামত ল’বলগীয়া জৈৱ-সুৰক্ষাৰ বাবে আদর্শ পৰিচালনা পদ্ধতি আৰু পৰামৰ্শবলী প্ৰকাশ কৰা হৈছে বুলি তেওঁ কয়। ইয়াৰ লগতে আফ্রিকান ছোৱাইন ফিভাৰ ৰোগ প্ৰতিৰোধৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰচাৰ পত্রিকা, বুকলেটৰ বিতৰণ কৰা হৈছে তেওঁ উল্লেখ কৰে।

 তেওঁ কয় যে নিয়মীয়া পশুপালনৰ প্ৰশিক্ষণৰ উপৰি গাহৰি পামৰ ক্ষেত্ৰত ল’বলগীয়া জৈৱ-সুৰক্ষাৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ২০২৫-২৬ বৰ্ষত ৫৯৫ জন পালকৰ মাজত গাহৰি নিধনৰ ক্ষতিপূৰণ হিচাপে ১ হাজাৰ ৭৮১ দশমিক ৫৮০ লাখ টকা বেংক একাউণ্ট যোগে বিতৰণ কৰা হৈছে বুলি তেওঁ কয় ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।