September 15, 2024 11:24 AM | adre grade 3 & 4 exam date

printer

ৰাজ্যৰ ভিন ভিন জিলাত তৃতীয় বৰ্গৰ পদৰ বাবে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা আৰম্ভ

ৰাজ্যৰ ভিন ভিন জিলাত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষাৰ বাবে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে। ৰাজ্যৰ মুঠ  ২৩০৫ টা কেন্দ্ৰত হ’বলগীয়া এই পৰীক্ষাত ১১,২৩ ২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। এই নিযুক্তি পৰীক্ষাৰ বাবে প্ৰতিখন জিলা প্রশাসনে কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইন শৃংখলাৰ দিশটোতো গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ হৈ অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাই আয়োজন কৰা এই পৰীক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়াটোক কোনো অসাধু চক্রই কোনো ধৰণে অস্থিৰ কৰি তোলাটোক প্রতিহত কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেই অনুসৰি পৰীক্ষাৰ সময়ছোৱাত অর্থাৎ আজি দিনৰ ১০ বজাৰ পৰা বিয়লি ডেৰ বজালৈ ৰাজ্যজুৰি ম’বাইল ইণ্টাৰনেট, ৱাই-ফাই আদি সংযোগ বন্ধ ৰখা হৈছে । উল্লেখযোগ্য যে পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, যিকোনো ইলেকট্রনিক সঁজুলি, ঘড়ী, ইলেকট্রনিক পেন, স্কেনাৰ ব্লুটুথ, এয়াৰফোন, মাইক্ৰ’ফোন, কেলকুলেটৰ, পেনড্রাইভ আৰু অন্যান্য সংৰক্ষণ মাধ্যমৰ যন্ত্ৰসমূহ নিয়াটো নিষিদ্ধ কৰা হৈছে। প্ৰাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ ক’লা আৰু নীলা চিয়াঁহীৰ বল পেন, পেঞ্চিল আৰু ৰবৰ নিবলৈ দিয়া হৈছে। পৰীক্ষা কেন্দ্ৰসমূহত খোৱাপানীৰ উপযুক্ত ব্যৱস্থা থকাৰ পৰিপ্ৰেক্ষিতত কোনো পৰীক্ষাৰ্থীকেই খোৱাপানী লৈ নাযাবলৈ কোৱা হৈছে। আনহাতে আজিৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ভিন ভিন জিলাত প্রয়োজন সাপেক্ষে বজাৰ, দোকান- পোহাৰ আদি বন্ধ ৰখাৰ বাবে সংশ্লিষ্ট প্রশাসনসমূহে নিৰ্দেশ দিছে। এই পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ প্রতিও সংশ্লিষ্ট কর্তৃপক্ষসমূহে কঠোৰ দৃষ্টি নিক্ষেপ কৰি আছে। তৃতীয় বৰ্গৰ পদৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সচিবৰ এখন বিজ্ঞপ্তিত যিকোনো ধৰণৰ অসামাজিক তথা ভুৱা বাতৰিত ভোল নাযাবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলাত স্থাপন কৰা ৩২৯টা পৰীক্ষা কেন্দ্ৰত ৰাজ্যৰ ভিতৰত সৰ্বাধিক ১,৬৭,৮১৯ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। ৰাজ্যৰ সকলো জিলাৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰতেই আৰক্ষী আৰু প্ৰশাসনে প্রয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা বুলি জিলা প্ৰশাসনৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাসকলে জানিবলৈ দিছে।