গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে বিক্ৰেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ বাসগৃহসমূহ আলোকমালাৰে সজাই তোলা হৈছে। বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ লগতে দল-সংগঠনে শব্দ, বায়ু প্ৰদূষণবিহীন দীপাৱলী পালন কৰাৰ আহ্বান জনাইছে। ৰাজ্যৰ প্ৰতিখন জিলাতে দীপাৱলী পালনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। বৰপেটাত থলুৱা আতচবাজী বিক্রেতাসকলে প্ৰস্তুত কৰা আতচবাজী বজাৰত উপলব্ধ হৈছে।
উজনি অসমৰ গোলাঘাট জিলাৰ লগতে নগাঁও জিলাতো দীপাৱলী উপলক্ষে প্রস্তুতি চলিছে। জিলা দুখনৰ ৰাইজে এইবাৰ জাকজমকতা পৰিহাৰ কৰি আৰু পৰম্পৰা বৰ্তাই ৰাখি দীপাৱলী উদযাপন কৰিবলৈ সাজু হৈছে। নগাঁও জিলাৰ মৃৎ শিল্পীসকলে ৩০-৪০ হাজাৰকৈ মাটিৰ চাকি বিক্ৰী কৰিছে। এইবাৰ জিলাখনৰ জনসাধাৰণে মাটিৰ চাকিৰে বাসগৃহৰ চৌদিশ পোহৰোৱাৰ বাবে সাজু হৈছে। একেদৰে বিভিন্ন প্ৰান্তৰ কালী মন্দিৰসমূহত ধৰ্মীয় পৰম্পৰাৰে শ্ৰীশ্ৰী কালী পূজা সম্পন্ন কৰাৰ বাবে প্ৰস্তুতিও প্রায় সম্পূৰ্ণ হৈছে।
Assamese | October 19, 2025 7:13 PM | Diwali 2025
ৰাজ্যৰ বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ লগতে দল-সংগঠনে শব্দ, বায়ু প্ৰদূষণবিহীন দীপাৱলী পালন কৰাৰ আহ্বান