ৰাজ্যৰ বিভিন্ন স্থানত অহা দুই-তিনিদিনলৈ নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আজি গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত যথেষ্ট বৰষুণ হোৱা বুলি কেন্দ্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ অংশত অতিবৃষ্টি হোৱাৰ সম্ভাৱনা থকাৰ লগতে কিছু অঞ্চলত ২০০ মিলিমিটাৰলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল পানীত বুৰ যোৱাৰ লগতে ঠাই বিশেষে গছ উভালি পৰা তথা ভূমিস্খলনৰ আশংকা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে পৰিস্থিতি পর্যবেক্ষণ কৰি থকাৰ লগতে জৰুৰীকালীন সেৱাসমূহ সাজু কৰি ৰখা হৈছে।
Assamese | May 20, 2025 1:12 PM | Weather
ৰাজ্যৰ বিভিন্ন স্থানত অহা দুই-তিনিদিনলৈ নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা