ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ

ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বান প্রভাৱিত হৈ আছে। বানত প্রাণহানি হোৱা লোকৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে।

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সর্বাধিক ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল চুইটি চাংছেনে সাম্প্রতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাবে অৱগত কৰে। শ্রীআচাৰ্যই উদ্ধাৰ আৰু সাহায্য অভিযান নিৰন্তৰ চলাই নিবলৈ আৰু বান ক্ষতিগ্রস্ত লোকসকলে যাতে সময়মতে সকলো ধৰণৰ সাহায্য লাভ কৰে তাক নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহক নির্দেশ দিয়ে। বিশেষকৈ মহিলা, শিশু, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকসকলৰ বিশেষ যতন ল’বলৈ ৰাজ্যপালগৰাকীয়ে নির্দেশ দিয়ে।

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি টেলিফোনযোগে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শেহতীয়া বানত ক্ষতিগ্রস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু সাহায্য প্রদানকে ধৰি বিভিন্ন দিশসমূহ আলোচনা কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰে এই পৰিস্থিতিত সকলো ধৰণে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।

ইপিনে, ৰাজ্য চৰকাৰে বানত ক্ষতিগ্রস্ত অঞ্চলসমূহত সাহায্য সামগ্রী বিতৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ক্ষতিগ্রস্ত লোকসকলে যাতে খাদ্যসামগ্রী, শিশু খাদ্য, খোৱাপানীকে ধৰি অন্যান্য অত্যাবশ্যকীয় সামগ্রীসমূহ নিয়মীয়াকৈ লাভ কৰাটো সুনিশ্চিত কৰা হৈছে। পৰিবেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগে নাজিৰা আৰু চৰাইদেউৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহত প্লাষ্টিকৰ বটল সংগ্রহ অভিযান চলাইছে। সংগ্ৰহ কৰা বটলসমূহ আৱৰ্জনা ব্যবস্থাপনাৰ বাবে প্ৰেৰণ কৰা হৈছে।

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি শলগুৰি অঞ্চলৰ ১৬৮-জন লোকৰ মাজত মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্যৰ টোপোলা বিতৰণ কৰা হয়। জিলাখনত শেহতীয়া বানত ৩৮৫খন গাঁৱৰ প্ৰায় ৪ লাখ তিনি হাজাৰ লোক প্রভাবিত হয়।

শিৱসাগৰ জিলা প্রশাসনে উদ্ধাৰ আৰু সাহায্য অভিযানৰ লগতে স্বাস্থ্য সেৱাৰো ব্যৱস্থা কৰিছে। তদুপৰি যিকোনো প্রয়োজনত জনসাধাৰণক প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

বানৰ পৰৱৰ্তী সময়ত জণ্ডিছ, ডায়েৰিয়া, চর্ম ৰোগকে ধৰি বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে যোৰহাট জিলাৰ তিতাবৰৰ জোনাকী মণ্ডল গাঁৱত বীজানুনাশক দ্রব্য ছটিওৱা হয়।

ৰাজ্যৰ শেহতীয়া বানত ব্যাপক ক্ষয় ক্ষতিৰ পৰিপ্ৰেক্ষিতত সদৌ টাই আহোম ছাত্র সন্থাই স্থায়ী বান প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনাইছে। সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত আটাছুৰ সভাপতি বসন্ত গগৈয়ে বানত মৃত্যু হোৱা লোকৰ সংখ্যা চৰকাৰী তথ্যতকৈ অধিক হোৱাৰ আশংকা ব্যক্ত কৰি বান সমস্যা ৰোধৰ বাবে নতুন মথাউৰি নিৰ্মাণ, বৈজ্ঞানিকভাবে নদী ব্যবস্থাপনা আদিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়।