July 29, 2026 6:54 PM | amit shah phone cm

printer

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ফোনযোগে বার্তালাপ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি টেলিফোনযোগে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শেহতীয়া বানত ক্ষতিগ্রস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু সাহায্য প্ৰদানকে ধৰি বিভিন্ন দিশসমূহ আলোচনা কৰে। 

তেওঁ কেন্দ্ৰীয় চৰকাৰে এই পৰিস্থিতিত সকলো ধৰণে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড০ শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি গৃহমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।