ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, ৮খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৮খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও আৱদ্ধ পানীত তল গৈ আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০ লৈ বৃদ্ধি পাইছে।