অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ১০ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথাপাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। অসমৰ অভূতপূৰ্ব বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে বানত ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়ন আৰু পুনৰবাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায়ৰ বিষয়ে পর্যালোচনাৰ উদ্দেশ্যে শীঘ্ৰে মন্ত্ৰালয়ৰ প্ৰতিনিধি দল অসমত উপস্থিত হ’ব।