July 30, 2026 7:34 PM | ASTPC

printer

ৰাজ্যৰ বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ বাবে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ পাঠ্যপুথি প্ৰেৰণ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই আজি শিৱসাগৰ হাইস্কুলত বান দুৰ্গত সকলক সাক্ষাৎ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ লগতে তেওঁ শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা স্বাস্থ্যকর্মী সকলৰ সৈতে মত বিনিময় কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও এই পৰিদৰ্শন কালত উপস্থিত থাকে।

ইফালে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়।

শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ ওপৰি শোণিতপুৰ, গোলাঘাট, নগাওঁ আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কৱলত আছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও ৭৫ খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে।