ৰাজ্যৰ বন বিভাগত শীঘ্ৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। বন মন্ত্রী জয়ন্ত মল্লবৰুৱাই সাংবাদিকৰ আগত কালি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে কেতবোৰ অপ্ৰয়োজনীয় পদ বিলোপ কৰাৰ লগতে সাম্প্রতিক সময়ত প্রয়োজনীয় হৈ পৰা কিছুমান পদত নিযুক্তি বৃদ্ধি কৰা হ’ব। ৰাজ্য চৰকাৰৰ ২ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ লক্ষ্যৰ অংশ হিচাপে এই নিযুক্তি দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ইপিনে, বন বিভাগে আজি ৰাজ্যখনত বান্দৰৰ গণনা আৰম্ভ কৰিব। পৰীক্ষামূলক ভাৱে আজি কামৰূপ মহানগৰ, গোৱালপাৰা, ৰং আৰু গোলাঘাট জিলাত এই গণনা কৰা হ’ব। পৰৱৰ্তী সময়ত অন্যান্য জিলাতো এই গণনা চলিব। বান্দৰৰ প্ৰজনন নিয়ন্ত্ৰণৰ বাবে এই প্ৰচেষ্টা লোৱা হৈছে বুলি বনমন্ত্রী গৰাকীয়ে কালি প্ৰকাশ কৰে।
হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবেও বন বিভাগে বিশেষ ব্যৱস্থা লৈছে। এতিয়াৰে পৰা হাতী মানুহৰ সংঘাতৰ ফলত কোনো লোকৰ মৃত্যু হ’লে মৃতকৰ পৰিয়াললৈ ৬ লাখ টকাৰ ক্ষতিপূৰ্ণ দিয়া হ’ব। দুদিনৰ ভিতৰতে এই ধনৰাশি প্ৰদান কৰা হ’ব।
আনহাতে, বনৰীয়া হাতীয়ে শস্য নষ্ট কৰিলে ৮ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়া হ’ব। তদুপৰি হাতী মানুহৰ সংঘাত ৰোধৰ উদ্দেশ্যে গজমিত্র আঁচনি গ্রহণ কৰা হৈছে আৰু আঁচনিখনৰ সৈতে জড়িতসকলৰ মাননী এহেজাৰ টকালৈ বৃদ্ধি কৰা হৈছে বুলি বন আৰু পৰিৱেশ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যত সম্প্ৰতি ৮১টা গজমিত্ৰৰ দল আছে। তেওঁ কয়, যে এনে দলৰ সংখ্যা শীঘ্ৰে ডেৰশৰ পৰা ২০০ লৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ বাবে বনৰক্ষী বিষয়াক প্রয়োজনীয় নির্দেশ দিয়া হৈছে। গজমিত্ৰৰ লগত তিনিজনকৈ বনকর্মী থাকিব বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ৮ নৱেম্বৰৰ ভিতৰত নতুন গজমিত্ৰৰ দলসমূহ গঠন হ’ব।