অসম চৰকাৰে নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ লগতে দক্ষ চালক গঢ় দিয়াৰ বাবে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে চালক প্রশিক্ষন কেন্দ্র স্থাপন কৰিব। ইতিপূৰ্বে ৰাজ্যৰ বাজেটত ইয়াৰ বাবে অনুমোদন দিয়া হৈছে আৰু শীঘ্ৰে এই কেন্দ্ৰসমূহ প্ৰতিষ্ঠা কৰা হ’ব। পৰিবহন মন্ত্ৰী যোগেন মহনে এই বিষয়ে প্ৰকাশ কৰে। ইয়াৰ ফলত বহু যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব। তদুপৰি চালকসকল দক্ষ আৰু প্ৰশিক্ষিত হোৱাৰ ফলত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
Assamese | October 15, 2025 9:28 PM | driving school
ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত চালক প্রশিক্ষন কেন্দ্র স্থাপন