June 21, 2026 7:13 PM | IMD Alert

printer

ৰাজ্যৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনীৰে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা সাত দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনীৰে ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান বিভাগে বিশেষকৈ কাইলৈৰ পৰা ২৪ জুনৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ আৰু হাইলাকান্দি জিলাৰ কেতবোৰ স্থানত বিজুলী-ঢেৰেকনীৰে ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি সকীয়নি দিছে।

পৰৱৰ্তী দুই-তিনি দিনত গুৱাহাটীত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগে প্রকাশ কৰিছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থা প্রাধীকৰণে বৰষুণৰ সম্ভাৱনালৈ চাই গুৱাহাটীৰ জনসাধাৰণক প্রয়োজনীয় সতর্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। নিয়মীয়া আৰু দূৰণিবতিয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ কোৱা হৈছে।