ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুদিনত ৰাজ্যৰ ঠাইবিশেষে বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে প্ৰকাশ কৰা মতে অহা দুই-তিনিদিনত ৰাজ্যৰ অধিকাংশ ঠাইত পাতলীয়াৰ পৰা মজলীয়া আৰু পশ্চিম তথা দক্ষিণ প্ৰান্তৰ জিলাসমূহৰ কোনো কোনো ঠাইত ধাৰাসাৰ বৰষুণ হ’ব পাৰে। এই সময়ছোৱাত ঠাই বিশেষে ৭ৰ পৰা ২০ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ’ব পাৰে বুলি বিভাগে সকিয়াই দিছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এটা বিবৃতিযোগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে আৰু জৰুৰীকালিন পৰিস্থিতিৰ বাবে সঁহাৰি ব্যৱস্থা সাজু কৰি ৰখা হৈছে বুলি প্ৰকাশ কৰিছে। প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক ধাৰাসাৰ বৰষুণৰ আগলি বতৰালৈ চাই প্রয়োজনীয় সতর্কতা অৱলম্বন কৰিবলৈ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে। নিয়মীয়া আৰু দূৰণিবতীয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰাৰ পৰিকল্পনা যুগুতাবলৈ আৰু বৰষুণৰ সময়ছোৱাত অনাহক যাত্ৰা এৰাই চলিবলৈ কোৱা হৈছে। দঁ আৰু পাহাৰীয়া এলেকাত বাস কৰা লোকসকলকো সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।