ৰাজ্যখনৰ জনজাতীয় ভূমি কোনো কাৰণতে দখল কৰিবলৈ দিয়া নহ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আজি মুখ্যমন্ত্ৰীয়ে সোণাপুৰৰ কচুতলীৰ উচ্ছেদিত অঞ্চলত প্ৰস্তাৱিত দশম অসম আৰক্ষী বেটেলিয়নৰ আধুনিক প্ৰশিক্ষণৰ সুবিধাসম্পন্ন চৌহদৰ বাবে আৱণ্টিত ভূমি পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কচুতলীত উচ্ছেদ চলাই এহেজাৰ বিঘা ভূমি মুক্ত কৰিছিল। প্ৰায় ১০০ বিঘা ভূমি সামৰি এই উচ্ছেদিত অঞ্চলটোত আৰক্ষী বেটেলিয়নৰ প্ৰশিক্ষণৰ কাৰ্যালয়টো নিৰ্মাণ কৰা হ’ব। অহা ছমাহৰ ভিতৰত কাৰ্যালয়টোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে উচ্ছেদিতসকল প্ৰকৃত ভাৰতীয় বুলি প্ৰমাণিত হ’লে নিজ ঠাইতে ভূমি প্ৰদান কৰা হ’ব। উচ্ছেদ অভিযানৰ পাছত পুনৰ মানুহ সংস্থাপিত কৰা দালালসকলৰ বিৰুদ্ধে প্রয়োজনীয় ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ কয়। ইয়াৰ লগতে তেওঁ ৰাজ্যবাসীক দালালৰ চক্ৰত নপৰিবলৈ আহ্বান জনায়।
Assamese | May 14, 2025 8:32 PM | Assam CM Kachutoli
ৰাজ্যৰ জনজাতীয় ভূমি কোনো কাৰণতে দখল কৰিবলৈ দিয়া নহ’ব : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা