ৰাজ্যৰ অপৰিৱৰ্তিত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাৰ বাবে জৰুৰী হেল্পনাইন নম্বৰ মুকলি

ৰাজ্যৰ কেইবাখনো জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণে বিভিন্ন জিলাৰ বাবে জৰুৰী হেল্পনাইন নম্বৰ জাৰি কৰিছে। 

সেই অনুসৰি শিৱসাগৰৰ বাবে ৮৪৭১৮৬৪৩৫৫, চৰাইদেউৰ বাবে ৯০৮৫৪-১২১৮০, যোৰহাটৰ বাবে ০৩৭৬-২৩০১২৪, গোলাঘাটৰ বাবে ৯৩৯৪৯-৮৫৪২১ আৰু কামৰূপ মহানগৰৰ বাবে ৯৩৬৫৪-২৯৩৪১ নম্বৰ কেইটাৰ লগতে আটাইকেইখন জিলাৰ বাবে ১০৭৭ ট’লফ্রী নম্বৰটো মুকলি কৰা হৈছে।

ইপিনে কামৰূপ মহানগৰত কৃত্রিম বানৰ লগতে মালিগাঁও, পাণ্ডু আৰু কামাখ্যাকে ধৰি বিভিন্ন অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱালৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনে ভূমিস্খলনপ্ৰৱন অঞ্চলসমূহৰ বাসিন্দাৰ জৰুৰীকালীন সহায়ৰ বাবে ৯৩৬৫৪-২৯৩১৪ ফোন নম্বৰটো মুকলি কৰিছে।