■ ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি যোৱা এক ছেপ্তেম্বৰৰ পৰা উদযাপন কৰা ৰাজ্যিক পোষণ মাহৰ আজি সামৰণি পৰিব। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আৰম্ভ হ’বলগীয়া সামৰণি অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ মুখ্য অতিথি, শ্ৰম আৰু চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ লগতে বিধায়ক মৃণাল শইকীয়া আৰু বিশ্বজিৎ ফুকন উপস্থিত থাকিব।
Assamese | October 1, 2024 10:25 AM | Assam | Pushan Maah
ৰাজ্যিক পোষণ মাহৰ আজি সামৰণি