ৰাজ্যসভাত আজি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক, ২০২৬-ৰ বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হয়। মধ্যাহ্ন ভোজনৰ পিছত সদন পুনৰ মিলিত হোৱাত কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্র সিঙে এই বিধেয়কখন উত্থাপন কৰে। সভাপতি চি পি ৰাধাকৃষ্ণনে কয়, যে বিধেয়কখন সন্দৰ্ভত আলোচনা কৰাৰ বাবে সাত ঘণ্টা সময় ধাৰ্য্য কৰা হৈছে।
বিধেয়কখনত ১০ বছৰলৈ কাৰাবাস, ১০ কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষী সাব্যস্ত হোৱা অপৰাধীৰ সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক দৈনিক বিশেষ দ্রুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। বিধেয়কখনত উল্লেখ কৰা অনুসৰি থানাত তথ্য লিপিবদ্ধ হোৱাৰ পৰা দুমাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত আৰু অভিযোগনামা দাখিলৰ তিনি মাহৰ ভিতৰত গোচৰৰ শুনানি সম্পূৰ্ণ কৰিব লাগিব।
সদনত বিধেয়কখন উত্থাপন কৰি ড০ জিতেন্দ্ৰ সিঙে কয়, যে এই বিধেয়কখনে দেশৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱ প্ৰজন্মক সুৰক্ষা দিয়াৰ বিষয়টো যে কেন্দ্ৰীয় চৰকাৰে শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয়বস্তু সেই কথাকে প্রতিফলিত কৰিছে। তেওঁ কয়, যে প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয়। পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ শাসনকালত এনেধৰণৰ বহুকেইটা ঘটনাৰ কথা পোহৰলৈ আহিছে। ড০ সিঙে প্রশ্নকাকত ফাদিল গোচৰৰ অভিযুক্তসকলৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিধেয়কখন সদনত উত্থাপন কৰাৰ ক্ষেত্ৰত বিলম্ব কৰা নাই। প্রধানমন্ত্ৰীৰ এই পদক্ষেপে দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিয়াৰ অনুমতি যে কাৰো নাই সেই কথাটোকে প্ৰমাণ কৰিছে ।
আলোচনাত ভাগ লৈ বিৰোধী নেতা মল্লিকার্জুন খাৰ্গে কয়, যে চৰকাৰে এই নতুন বিধায়কখনত কেৱল দেখুওৱাৰ বাবেহে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই প্ৰস্তাৱিত বিধেয়কখনে পৰীক্ষাসমূহৰ অনিয়ম প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নেপেলায়।