মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালগৰাকীক সকলো ক্ষেত্রতে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
ড০ শৰ্মাই শ্রীআচাৰ্যৰ সৈতে ৰাজ্যখনৰ উন্নয়ন, জনকল্যানকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে লোকভৱনৰ সৈতে সমন্বয় বৰ্তাই ৰাখি আগবাঢ়ি যোৱাৰ বাবে ৰাজ্য চৰকাৰ দৃঢ় প্রতিজ্ঞ বুলি উল্লেখ কৰে।
মুখ্যমন্ত্রী ড০ শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাথনি আৰু প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰি কৰ্ম আঁচনিৰ অগ্ৰগতিৰ বুজ লয়।