শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰুনানকৰ ৫৫৬ বছৰীয়া জয়ন্তী উপলক্ষে আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাৰ্যসূচী অনুষ্ঠিত হৈছে। শিৱসাগৰ গুৰুদ্ধাৰত গুৰু নানক জয়ন্তী উপলক্ষে আজি উখল মাখল পৰিবেশে বিৰাজ কৰিছে। এই উপলক্ষে গুৰু গ্ৰন্থ চাহেব পাঠ তথা ভজনেৰে পৰিবেশ মুখৰ হৈ উঠিছে। হোজাই জিলাৰ লংকাত আজি গুৰু নানক জয়ন্তী তথা প্রকাশ পর্ব উদযাপন কৰা হৈছে। শিখ ধৰ্মাৱলম্বি লোকসকলে পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে গুৰু জয়ন্তী পালন কৰিছে। ৮ টা প্ৰভাত ফেৰী আৰু গুৰু গ্ৰন্থ চাহেবৰ অখণ্ড পাঠেৰে আজি এই জয়ন্তী পালন কৰা হয়। ১৫০৫ চনত গুৰু নানকে পদাৰ্পন কৰা ধুবুৰী জিলাতো আজি গুৰু নানক জয়ন্তী পালন কৰা হৈছে। এই উপলক্ষে গুৰুদ্ধাৰ, গুৰু তেগবাহাদুৰ চাহেবজীত পবিত্ৰ পৰিবেশে বিৰাজ কৰিছে। বহু লোকে গুৰুদ্ধাৰত সমবেত হৈ আৰাধনা কৰাৰ লগতে গুৰু নানকক স্মৰণ কৰে।
Assamese | November 5, 2025 7:49 PM | Guru Nanak Day
ৰাজ্যত শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ ৫৫৬ বছৰীয়া জয়ন্তী কাৰ্যসূচীৰ আয়োজন