ৰাজ্যত অপৰাধৰ হাৰ ক্ৰমাৎ হ্ৰাস পোৱাৰ লগতে গোচৰৰ অভিযোগনামা দাখিলৰ হাৰ বৃদ্ধি পাইছে। শেহতীয়াকৈ অসম আৰক্ষীৰ তৎপৰতাৰ বাবে দোষী সাব্যস্তকৰণ প্রক্রিয়াও বৃদ্ধি পাইছে। আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙৰ অধ্যক্ষতাত বাজ্যিক আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত অসম আৰক্ষীৰ মাহিলী অপৰাধ পর্যালোচনা বৈঠকত এই তথ্য প্রকাশ কৰা হয়। প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত থকা এই বৈঠকত ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি ক্রমান্বয়ে উন্নত হোৱা বুলি বিষয়াসকলে উল্লেখ কৰে। বৈঠকত প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ মে’ পর্যন্ত ৰাজ্যত প্রতি লাখ লোকৰ বিপৰীতে গোচৰৰ সংখ্যা ১২৭.৬ শতাংশলৈ হ্ৰাস পাইছে। ইপিনে এই সময়ছোৱাত অপৰাধীৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ হাৰ ৭৭.৫৪ শতাংশলৈ বৃদ্ধি পাইছে।
Assamese | June 22, 2025 11:28 AM | Crime
ৰাজ্যত অপৰাধৰ হাৰ ক্ৰমাৎ হ্ৰাস পোৱাৰ লগতে গোচৰৰ অভিযোগনামা দাখিলৰ হাৰ বৃদ্ধি