জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি ৰাজৌৰী জিলাত কৰ্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰা লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তর্পন কৰে। জম্মুৰ বায়ুসেনা বাহিনীৰ ছাউনীত সম্পূর্ণ সামৰিক মৰ্যাদাৰে আৰু পুষ্পমাল্য তর্পন কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি উপ-ৰাজ্যপাল সিনহা, সামৰিক বাহিনীৰ উচ্চপদস্থ বিষয়া, আৰক্ষী তথা অসামৰিক বিষয়াসকলেও শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধা তৰ্পন কৰে।
ইয়াৰ পাছত তেওঁ নশ্বৰ দেহ উত্তৰাখণ্ডৰ আলমোৰা জিলাত থকা তেওঁ বাসগৃহলৈ অন্তিম সৎকাৰৰ বাবে লৈ যোৱা হয়। লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামী যোৱা সন্ধিয়া গম্ভীৰ মুগলান বেল্টৰ ডৰিমাল অঞ্চলত চলা এটা সন্ত্রাসবাদ বিৰোধী অভিযানৰ সময়ছোৱাত গভীৰ খাৱৈত পিচলি পৰে। ৰাজৌৰী জিলাৰ বনাঞ্চলত লুকাই থকা বুলি সন্দেহ কৰা কেইজনমান পাকিস্তানী সন্ত্রাসবাদীক ধৰা পেলাবলৈ এই ছেৰুৱালী অভিযান চলোৱা হৈছিল।