কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ৰাজস্থানৰ অনুকগড়ত দুখন ৰাজহুৱা সভাত ভাষণ দিয়ে। ভাষণ প্ৰসংগত নেতাগৰাকীয়ে কয় যে, দেশত নিবনুৱা সমস্যা আৰু মুদ্রাস্ফীতিৰ দৰে দুটা গভীৰ সমস্যা থকাৰ পাছতো অন্যান্য বিষয়সমূহকহে গুৰুত্ব দিয়া হৈছে। ৰাহুল গান্ধীয়ে লগতে কয় যে দেশত পিছপৰা শ্ৰেণী, জনজাতি, দলিত, সংখ্যালঘু আৰু দৰিদ্ৰ লোকৰ সংখ্যা ৯০ শতাংশতকৈ অধিক। কিন্তু ভাৰতৰ ২০০টা বৃহৎ কোম্পানীৰ মালিক আৰু জ্যেষ্ঠ পৰিচালক পিছপৰা শ্ৰেণীৰ নহয়। তেওঁ কৈছে যে, দেশত ৩০ লাখ চৰকাৰী পদ খাদী হৈ আছে। কংগ্ৰেছ চৰকাৰ আহিলে ৩০ লাখ লোকক চৰকাৰী চাকৰি দিয়া হ’ব আৰু ঠিকাভিত্তিত চাকৰি দিয়াটো বন্ধ কৰা হ’ব বুলি আজিৰ সভাত প্ৰতিশ্ৰুতি দিয়ে। অগ্নিবীৰ আঁচনিৰ সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে, কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে এই আঁচনি বাতিল কৰা হ’ব। দেশত লোকপিয়লৰ পোষকতা কৰি তেওঁ কয় যে, ভাৰতত কাৰ হাতত কিমান ধন-সম্পত্তি আছে সেইটো বিচাৰি উলিওৱাটো প্ৰয়োজনীয়। দেশৰ অধিকাংশ মূলধন দুই- এজন পুঁজিপতিৰ সৈতে আছে আৰু এই বৈষম্য দূৰ কৰিব লাগে বুলিও ভাষণ প্ৰসংগত কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | April 11, 2024 8:25 PM | Rahul Gandhi
ৰাজস্থানৰ অনুকগড়ত দুখন ৰাজহুৱা সভাত অংশগ্ৰহণ ৰাহুল গান্ধীৰ