ৰাজস্থান আৰক্ষীয়ে কালি শ্ৰীগংগানগৰত চোৰাংভাৱে সৰবৰাহ হৈ থকা ২০ কোটি টকাৰ মাদক দ্রব্য জব্দ কৰাৰ লগতে তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। শ্ৰীগংগানগৰৰ আৰক্ষী অধীক্ষক অমৃতা দুহানে কালি এই আৰক্ষী অভিযানৰ সবিশেষ প্ৰকাশ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, পাকিস্তানৰ পৰা ড্র’ন যোগে এই মাদক দ্রব্য সৰবৰাহ কৰা হৈছিল। ইতিমধ্যে তিনিওজন অভিযুক্তৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷
Assamese | January 3, 2026 1:12 PM | DRUGS SEIZED
ৰাজস্থানত ২০ কোটি টকাৰ মাদক দ্রব্য জব্দ, তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ