ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন ৰাছিয়া আৰু ইউক্রেইনৰ মাজত আজি তুৰস্কৰ ইস্তানবুলত হ’বলগীয়া পোনপটীয়া আলোচনাত উপস্থিত নাথাকে বুলি ক্রেমলিন মহলে প্রকাশ কৰিছে। ৰাষ্ট্ৰপতি পুটিনৰ সহযোগী ভ্লাডিমীৰ মেডিনস্কিয়ে এই আলোচনাত ৰাছিয়াৰ প্ৰতিনিধি মণ্ডলৰ নেতৃত্ব বহন কৰিব। প্ৰতিনিধি মণ্ডলৰ অন্য সদস্যৰ ভিতৰত উপ বিদেশ মন্ত্রী মিখাইল গেলুজিন, জেনেৰেল ষ্টাফ ডাইৰেক্টৰ ইগোৰ কোষ্টিয়ুকোভ আৰু উপ প্ৰতিৰক্ষা মন্ত্ৰী আলেকজেণ্ডাৰ ফোমিন অন্যতম। ইয়াৰ পূৰ্বে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমীৰ জেলেনক্সিয়ে ৰাষ্ট্ৰপতি পুটিনক ব্যক্তিগতভাৱে দেখা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। শ্ৰীজেলেনক্সিয়ে কৈছিল যে এই পোনপটীয়া আলোচনা সফল কৰি তোলাৰ বাবে তেওঁ সম্ভৱপৰ সকলোখিনি কৰিব।
Assamese | May 15, 2025 12:10 PM | Russia-Ukraine Meet
ৰাছিয়া-ইউক্রেইনৰ মাজত হ’বলগীয়া পোনপটীয়া আলোচনাত ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন উপস্থিত নাথাকে : ক্রেমলিন