ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ সাগৰৰ পাৰত আজি পাঁচটা শক্তিশালী ভূমিকম্প অনুভূত হয়। সবাতোকৈ শক্তিশালী ভূমিকম্পটো ৭.৪ প্রাবল্যৰ আছিল। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ২০ কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা এই বৃহৎ ভূমিকম্পটো পেট্ৰ’পাত্ন’ভস্ক- কামচাটস্কিৰ ১৪৪ কিলোমিটাৰ পূবত কেন্দ্ৰিভূত হৈছিল। প্ৰশান্ত মহাসাগৰীয় চুনামী সতর্কতা কেন্দ্ৰই ভূমিকম্পৰ ফলত আজি ছুনামীৰ ঢৌ অহাৰ কোনো সম্ভাৱনা নাই বুলি প্ৰকাশ কৰিছে।
Assamese | July 20, 2025 8:36 PM | Russia Earthquake
ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ সাগৰৰ পাৰত পাঁচটা শক্তিশালী ভূমিকম্প অনুভূত