নেপালৰ কংগ্ৰেছ দলে গৃহমন্ত্ৰী ৰবি লামিচানেৰ তদন্তৰ দাবীৰে সংসদৰ পৰা ৰাজপথলৈ এলানি প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। সমবায় পুঁজিৰ ধন অপব্যৱহাৰত গৃহমন্ত্ৰী লমিছানে জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে এই সন্দৰ্ভত সংসদীয় তদন্ত সমিতি গঠনৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে। কাঠমাণ্ডুত শতাধিক বিৰোধীয়ে সমবায়ৰ ধন আত্মসাতৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। আনহাতে নেপালৰ কংগ্ৰেছ কৰ্মীসকলৰ লগতে শিক্ষার্থী আৰু মহিলাসকলেও গৃহমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে প্ৰতিবাদকাৰীসকলে গৃহমন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে৷
Assamese | May 27, 2024 12:25 PM | Rabi lamsen
ৰবি লামিচানেৰ তদন্তৰ দাবীৰে সংসদৰ পৰা ৰাজপথলৈ নেপালৰ কংগ্ৰেছ দলৰ এলানি প্রতিবাদী কাৰ্যসূচী