October 26, 2026 12:06 PM | Ranji trophy

printer

ৰঞ্জি ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ তৃতীয়খন খেলত অসম আজি সৌৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীর্ণ

অসম আজি ৰাজকোটত হ’বলগীয়া ৰঞ্জি ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্য্যায়ৰ তৃতীয়খন খেলত সৌৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। এই খেলখনৰ বাবে অসম দলত কিছু সালসলনি কৰা হৈছে। অপেনাৰ ঋষভ দাস আৰু পেচ বলাৰ দীপজ্যোতি শ‍ইকীয়াক দলৰ পৰা বাদ দিয়া হৈছে। প্ৰদ্যুন শ‍ইকীয়াক দলত অন্তভুক্ত কৰা হৈছে। অসমে ইতিমধ্যে প্রথম দুখন খেলৰ পৰা ৭ পইণ্ট সংগ্ৰহ কৰিছে। অসমে পঞ্জাৱৰ বিৰুদ্ধে প্ৰথমখন খেলত ১ পইণ্ট লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত ত্ৰিপুৰাক পৰাস্ত কৰি ৬ পইণ্ট অৰ্জন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।