অহা ৯ নৱেম্বৰত মাছখোৱাৰ লাচিত ঘাটত হ’বলগীয়া ভাৰতীয় বায়ু সেনা দিৱসত ফ্লাই পাষ্টৰ বাবে ৮ আৰু ৯ নৱেম্বৰত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। বাণিজ্যিক সামগ্রী কঢ়িওৱা বাহন তথা অন্য গধুৰ বাহনক এইচ বি ৰোড, এ টি ৰোড, ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোডত ৮ আৰু ৯ নৱেম্বৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ চলাচলৰ অনুমতি দিয়া নহ’ব। সেই সময়খিনিত ঠেলা, ৰিক্সা আদি বাহনক এম জি ৰোডত মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলোলৈকে চলাচল কৰাত বাধা আৰোপ কৰা হৈছে। ভাৰতীয় বায়ু সেনাই জাৰি কৰা আৰু বিতৰণ কৰা অনুমতিপত্ৰ থকা বাহনৰ বাহিৰে আন কোনো বাহন দিনৰ এঘাৰ বজাৰ পৰা বিয়লি ৫ বজালৈ সেই অঞ্চলত চলাচল কৰিব নোৱাৰিব। খানাপাৰাৰ পৰা ভৰলুমুখৰ ফালে অহা সকলো ছিটি বাছ জি এছ ৰোড, এ টি ৰোড, আঠগাওঁ হৈ গৈ পানবজাৰৰ আৰ বি আই হৈ ঘুৰিব নোৱাৰিব। ছিটিবাছৰ বাহিৰে জালুকবাৰীৰ পৰা অহা কোনো গধুৰ বাহন মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। এইচ বি ৰোডত দুয়োপিনে যান-বাহন চলাচল কৰিব পাৰিব ।
Assamese | November 5, 2025 7:54 PM | Guwahati Fly Past
৯ নৱেম্বৰত ভাৰতীয় বায়ু সেনা দিৱসত ফ্লাই পাষ্টৰ বাবে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা