৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্রহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব’ অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হ’ব। কেন্দ্ৰীয়ভাৱে আয়োজিত এই এয়াৰ শ্বত ৰাফেল, মিগ, চুখয় আদিৰ দৰে ৭৫ খন বিমানে ভাগ ল’ব। এই এয়াৰ শ্ব’ উপভোগৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আবাসীসকলক আমন্ত্রণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ সতী ৰাধিকা উদ্যানৰ পৰা ইচ্ছ্যুক ব্যক্তিসকলে ফ্লাইং শ্ব’ চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্ব’টো উপভোগ কৰিব পাৰিব। মহানগৰীৰ অশ্বক্লান্ত মন্দিৰৰ প্ৰাংগণত অতিথিৰ বাবে এয়াৰ শ্ব’ চোৱাৰ ব্যৱস্থা কৰা হৈছে।
এই উপলক্ষে আজি আৰু কাইলৈ গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন তথা অন্য গধুৰ বাহনক এইচ বি ৰোড, এ টি ৰোড, ডিজি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোডত আজি আৰু কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ চলাচলৰ অনুমতি দিয়া হোৱা নাই। সেই সময়খিনিত ঠেলা, ৰিক্সা আদি বাহনক এম জি ৰোডত মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলোলৈকে চলাচল কৰাত বাধা আৰোপ কৰা হৈছে। ভাৰতীয় বায়ু সেনাই জাৰি কৰা আৰু বিতৰণ কৰা অনুমতিপত্ৰ থকা বাহনৰ বাহিৰে আন কোনো বাহন দিনৰ এঘাৰ বজাৰ পৰা বিয়লি ৫ বজালৈ সেই অঞ্চলত চলাচলৰ অনুমতি দিয়া নাই। খানাপাৰাৰ পৰা ভৰলুমুখৰ ফালে অহা সকলো চিটিবাছ জি এছ ৰোড, এ টি ৰোড, আঠগাঁও হৈ গৈ পানবজাৰৰ আৰ বি আই হৈ ঘূৰিবলৈ দিয়া নাই। চিটিবাছৰ বাহিৰে জালুকবাৰীৰ পৰা অহা কোনো গধুৰ বাহন মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নাই।
Assamese | November 8, 2025 8:17 PM | Air Force Day
৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে লাচিত ঘাটত কাইলৈ কেন্দ্ৰীয় অনুষ্ঠান