পঞ্জাব চৰকাৰে ৯টা ড্রোণ বিৰোধী ব্যৱস্থা ক্ৰয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভাগৱন্ত সিং মানে এই কথা প্ৰকাশ কৰিছে। সীমান্ত সুৰক্ষা বাহিনীৰ সহায়ত নিচাযুক্ত দ্ৰৱ্যৰ সৰবৰাহৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ ৰাজ্যখনৰ ৬খন জিলাত এই ব্যৱস্থাসমূহ ৰূপায়ণ কৰা হ’ব। আজি পঞ্জাব চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলযোগে কয়, যে ৰাজ্য চৰকাৰৰ ফাৰিস্তে আঁচনিত সন্ত্ৰাসবাদৰ ভুক্তভোগী আৰু যুদ্ধত আহত অসামৰিক লোকক অন্তৰ্ভুক্ত কৰা হ’ব। এই আঁচনিত অন্তর্ভুক্ত হোৱা লোকসকলক যিকোনো চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ’ব। আজিৰ কেবিনেট বৈঠকত অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ ৰাজ্যৰ মন্ত্ৰীসকলে সীমান্ত অঞ্চল ভ্রমণ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়।
Assamese | May 9, 2025 8:39 PM | Punjab Government Drone
৯টা ড্রোণ বিৰোধী ব্যৱস্থা ক্ৰয় কৰিবলৈ পঞ্জাব চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ