অহা ২১ জুনত হ’বলগীয়া দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি ৮ আৰু ৯ জুনত গুৱাহাটীৰ জ্যোতিনগৰ কালি মন্দিৰ প্ৰাংগণত দুদিনীয়া যোগাভ্যাস কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ থেৰাপি কেন্দ্ৰৰ উদ্যোগত তথা জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, জ্যোতিনগৰ আৰু সদৌ অসম যোগ মহাসংঘৰ সৌজন্যত এই যোগাভ্যাস কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে সুস্থ অভ্যাসৰ গঢ় দি সকলোকে নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে প্ৰয়াস কৰা হ’ব।
Assamese | June 3, 2024 11:58 AM | Yoga Assam
৮-৯ জুনত গুৱাহাটীৰ জ্যোতিনগৰ কালি মন্দিৰ প্ৰাংগণত দুদিনীয়া যোগাভ্যাস কাৰ্যসূচী