অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাৰ উদ্যোগত অহা ৫ ৰ পৰা ১১ নৱেম্বৰলৈ দুলীয়াজানৰ বিহুতলীত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব। এই গ্রন্থমেলাত অসমৰ ভালেমান আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও প্রকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব। পৰিষদে জনোৱা অনুসৰি গ্ৰন্থমেলাৰ বাকৰিত ভিন ভিন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীও গ্ৰহণ কৰা হ’ব।
Assamese | November 2, 2024 6:41 PM | Assam Book Fair | Assam Prakashan Parishad
৫ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ দুলীয়াজানৰ বিহুতলীত অসম গ্ৰন্থমেলা অনুষ্ঠিত